Media OPD clinic concluded at Guwahati Press Club
By N.J. Thakuria
Guwahati: City based Hayat Hospital conducted the weekly media OPD clinic at Guwahati Press Club on 9 July, where Dr Tehsin Omar and Dr. Bishnu Das offered free consultations to the participants. The scribes also got their blood pressure & sugar checked in the camp by nurses Manisha Rabha and Blurry Nongri. General manager of Hayat Hospital Paragjyoti Dutta also graced the brief camp.
In Assamese
প্ৰেছ ক্লাৱত মেডিয়া অ’পিডি সম্পন্ন
গুৱাহাটী:ৰাজ্যৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান হায়াত হস্পিটেলৰ উদ্যোগত বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিক সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উদ্দেশ্যে ৬ জুলাই (শনিবাৰে) গুৱাহাটী প্ৰেছ ক্লাৱত এক স্বাস্থ্যপৰীক্ষা শিবিৰৰ
আয়োজন কৰা হয়।
শিবিৰত চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ তেহচিন ওমৰ আৰু ডাঃ বিষ্ণু দাস উপস্থিত থাকি সাংবাদিক সকলৰ স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়। ৩০ গৰাকীৰোঅধিক সংবাদ কৰ্মী উপস্থিত থকা শিবিৰত স্বাস্থ্য কৰ্মী
ব্লিৰি নংৰি আৰু মনীষা ৰাভাই সাংবাদিক সকলৰ ৰক্তচাপ আৰু ব্লাডচুগাৰ পৰীক্ষা কৰে। শিবিৰত উপস্থিত থাকি চিকিৎসালয় খনৰ মহাপ্ৰৱন্ধক পৰাগজ্যোতি দত্তই ভৱিষ্যতেও সাংবাদিক সকলৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত
সহযোগ কৰিব বুলি মত প্ৰকাশ কৰে।